আবেদনখনত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে SIT তদন্তৰ দাবী কৰাৰ লগতে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) অবৈধ ঘোষণা কৰাৰো আবেদন জনোৱা হৈছে
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দাখিল কৰা আবেদনৰ ভিত্তিত তাৎক্ষণিক কোনো নিৰ্দেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে শুনানিৰ সময়ত আদালতে স্পষ্ট কৰি দিয়ে যে কেৱল সংবাদ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰি।
আবেদনখনত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে SIT তদন্তৰ দাবী কৰাৰ লগতে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) অবৈধ ঘোষণা কৰাৰো আবেদন জনোৱা হৈছে। গোচৰটোৰ সন্দৰ্ভত ভাৰত চৰকাৰ, তিনিওগৰাকী নিৰ্বাচন আয়ুক্ত, কেবিনেট সচিব, জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মণীষ গৰ্গ আৰু IT হেড সীমা খান্নালৈ জাননী জাৰি কৰিছে আদালতে।
আবেদনকাৰী ৰাকেশ কুমাৰ সিঙৰ হৈ অধিবক্তা বিকাশ সিঙে যুক্তি আগবঢ়াই কয় যে নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি আৰু ক্ষমতা সম্পৰ্কীয় আইনত পৰিৱৰ্তন কৰা হৈছে। তেওঁৰ দাবী অনুসৰি, কাৰ্যকালত কৰা কামৰ বাবে নিৰ্বাচন আয়ুক্তসকলক বিশেষ আইনী সুৰক্ষা প্ৰদান কৰা হৈছে।
শুনানি চলি থকালৈকে মুখ্য নিৰ্বাচন আয়ুক্তক নিলম্বন কৰাৰ দাবীও জনোৱা হয়। ইয়াৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগৰ কাম-কাজ আইন অনুসৰিয়েই চলিব লাগিব।
আদালতে লগতে পৰ্যবেক্ষণ কৰে যে আবেদনখনৰ ভিত্তি হিচাপে দাখিল কৰা সংবাদ প্ৰতিবেদন সম্পূৰ্ণ সঠিক, আংশিকভাৱে সঠিক অথবা ভুল হ’ব পাৰে। সেয়ে কেৱল সংবাদ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি কোনো তাৎক্ষণিক নিৰ্দেশ জাৰি কৰিব নোৱাৰি বুলি স্পষ্ট কৰে উচ্চতম ন্যায়ালয়ে।



