দুৰ্ঘটনাত আহত ২১জন, পাঁচজনৰ অৱস্থা সংকটজনক; উদ্ধাৰ অভিযান অব্যাহত
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পেছাৱাৰত এখন বিদ্যালয়ৰ ছাদ খহি পৰাৰ ফলত ২০টি শিক্ষাৰ্থী আৰু এগৰাকী শিক্ষয়িত্ৰীসহ মুঠ ২১জনৰ মৃত্যু হৈছে। এই শোকাৱহ দুৰ্ঘটনাত আন ২১জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে লেডী ৰিডিং হাস্পতালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।
পাকিস্তানৰ সংবাদমাধ্যম ‘ডন’ৰ প্ৰতিবেদন অনুসৰি, পেছাৱাৰৰ ‘আল খাইৰ স্কুল’ত শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকল উপস্থিত থকা সময়তে ছাদ খহি পৰে। ফলত বহু শিশু ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। নিহত ২০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৮জন ল’ৰা আৰু দুগৰাকী ছোৱালী আছে। তেওঁলোকৰ বয়স ৭ৰ পৰা ১২ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ শিশুসকলক উদ্ধাৰৰ চেষ্টা চলোৱা হয়। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাও কৰা হয়।
খাইবাৰ পাখতুনখোৱাৰ ৰাজ্যপালে ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাটোৰ বিস্তৃত প্ৰতিবেদন বিচৰাৰ লগতে ছাদ খহি পৰাৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। আহত শিশুসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবেও নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে পাকিস্তানত দুৰ্বল নিৰ্মাণকাৰ্য আৰু সুৰক্ষাৰ মানদণ্ডৰ অভাৱৰ বাবে বিভিন্ন সময়ত অট্টালিকা আৰু বিদ্যালয়ৰ অংশ খহি পৰাৰ ঘটনা সংঘটিত হৈ আহিছে। এই দুৰ্ঘটনাই বিদ্যালয়ৰ নিৰাপত্তা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।



