২০২৫ চনৰ তুলনাত প্ৰায় তিনিগুণ বৃদ্ধি, বিশেষজ্ঞৰ টিকাকৰণৰ পৰামৰ্শ
তিৰুৱনন্তপুৰম, ৫ অক্টোবৰঃ কেৰালাত চলিত বৰ্ষত ইনফ্লুৱেঞ্জাত আক্ৰান্ত হৈ এতিয়ালৈকে ১২০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ২০২৫ চনৰ সমগ্ৰ বৰ্ষত ৰাজ্যখনত ইনফ্লুৱেঞ্জাত ৪৩জনৰ মৃত্যু হৈছিল। অৰ্থাৎ এবছৰৰ ভিতৰতে মৃত্যুৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, চলিত বৰ্ষত ৩ অক্টোবৰৰ পৰ্যন্ত ৰাজ্যখনত ১১,৩১৯টা ইনফ্লুৱেঞ্জাৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে অক্টোবৰৰ প্ৰথম তিনিদিনতে ১৪৫টা ঘটনা ধৰা পৰিছে। আনহাতে, চলিত বৰ্ষত হোৱা মুঠ মৃত্যুৰ ১১০টায়েই বিগত চাৰিমাহত সংঘটিত হৈছে।
বিশেষজ্ঞসকলৰ মতে, ধাৰাসাৰ বৰষুণ, অধিক আৰ্দ্ৰতা আৰু ওনাম উৎসৱৰ সময়ত হোৱা বৃহৎ সামাজিক সমাগমৰ ফলত ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ লগতে পৰীক্ষাৰ সংখ্যা বৃদ্ধি পোৱাটোও অধিক ৰোগী চিনাক্ত হোৱাৰ অন্যতম কাৰণ বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে।
ৰাজ্যিক আইএমএৰ ৰিচাৰ্চ চেলৰ আহ্বায়ক ডাঃ ৰাজীৱ জয়দেৱনে কয় যে ইনফ্লুৱেঞ্জাৰ এই বৃদ্ধি কেৱল কেৰালাতে সীমাবদ্ধ নহয়; দিল্লীকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যতো ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলে ইনফ্লুৱেঞ্জাৰ জটিলতা আৰু মৃত্যুৰ আশংকা হ্ৰাস কৰিবলৈ টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ ৬০ বছৰৰ ঊৰ্ধ্বৰ লোক আৰু ডায়েবেটিছ, কৰ্কট, বৃক্ক তথা যকৃতৰ ৰোগত আক্ৰান্ত লোকক ফ্লু আৰু নিউমোককেল টিকা গ্ৰহণৰ পৰামৰ্শ দিছে চিকিৎসকসকলে।
উল্লেখ্য যে ২০২২ চনতে ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে ফ্লু টিকাকৰণ বাধ্যতামূলক কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল। কিন্তু সেই পৰামৰ্শ এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই।



