ৰাজ্য়িক কেবিনেট- অগ্নিবীৰৰ বাবে ১২ শতাংশ সংৰক্ষণ

ৰাজ্য়িক কেবিনেট- অগ্নিবীৰৰ বাবে ১২ শতাংশ সংৰক্ষণ

অগ্নিবীৰৰ বাবে ১২ শতাংশ সংৰক্ষণ

অসম আৰক্ষীকে ধৰি ১১টা শ্ৰেণীৰ পদত নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা

ৰাজ্যৰ অগ্নিবীৰসকলক সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰৰ কেবিনেটে। লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অসমৰ স্থায়ী বাসিন্দা প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীকে ধৰি কেইবাটাও বিভাগৰ ১১টা শ্ৰেণীৰ পদত ১২ শতাংশ সংৰক্ষণৰ অনুমোদন জনোৱা হয়।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়া অনুসৰি, অসম আৰক্ষীৰ এ বি আৰু ইউ বি কনিষ্টবল, কমাণ্ডো বেটেলিয়ন, জে’ল ৱাৰ্ডেন, অগ্নিনিৰ্বাপক, এছ ডি আৰ এফ কনিষ্টবল, ফৰেষ্ট গাৰ্ড আৰু আবকাৰী কনিষ্টবল আদি পদত এই সংৰক্ষণ প্ৰযোজ্য হ’ব।

এই সুবিধা লাভ কৰিবলৈ সংশ্লিষ্টজন অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে অগ্নিবীৰ হিচাপে সেৱা আগবঢ়োৱা হ’ব লাগিব। মুখ্যমন্ত্ৰীৰ মতে, সেনাত ইতিমধ্যে প্ৰশিক্ষণ লাভ কৰা অগ্নিবীৰসকলে আৰক্ষী বাহিনীক অধিক শক্তিশালী কৰাত সহায় কৰিব।

ইফালে, শ্ৰীশ্ৰী মধুপুৰ সত্ৰৰ সেৱা-কাৰ্য পৰিচালনাত সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনিৰ অধীনত প্ৰতিমাহে ১ লাখ টকা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।

কেবিনেটে জল জীৱন মিছনৰ অধীনত গ্ৰাম্য জল যোগান আঁচনিৰ ৰূপায়ণ আৰু দীৰ্ঘম্যাদী বহনক্ষমতাৰ বাবে অসম চৰকাৰ আৰু বিটিচি, ডিমা হাছাও তথা কাৰ্বি আংলং পৰিষদৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ অনুমোদন জনায়।

ইয়াৰ উপৰি বাহনৰ মালিকানা হস্তান্তৰৰ ক্ষেত্ৰত সেউজ উপকৰ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে ইভি, চিএনজি, দুই আৰু তিনি চকীয়া বাহন আৰু বাহনৰ গৰাকীৰ মৃত্যুৰ বাবে হোৱা মালিকানা হস্তান্তৰৰ ক্ষেত্ৰত এই উপকৰ প্ৰযোজ্য নহ’ব।

ৰাজ্যত বিনিয়োগ বৃদ্ধিৰ লক্ষ্যৰে ডালমিয়া ভাৰত গ্ৰীন ভিজন লিমিটেডৰ ১০,২০০ কোটি টকাৰ ক্লিংকাৰ উৎপাদন গোটৰ বাবে বিশেষ উদগনি অনুমোদন কৰা হৈছে।

গুৱাহাটী ৰিভাৰফ্ৰণ্টৰ দ্বিতীয় পৰ্যায়ৰ উন্নয়নৰ বাবে কাছাৰী বজাৰৰ পৰা নীলাচল পাহাৰৰ পাদদেশলৈ বিস্তৃত প্ৰকল্পৰ ডিপিআৰ প্ৰস্তুতৰ দায়িত্ব টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেডক দিয়াৰ সিদ্ধান্ত লোৱা হয়।

লগতে পৌৰ নিগম নিৰ্বাচন, ৰাষ্ট্ৰীয় ঘাইপথৰ শাখা লোকনিৰ্মাণ (পথ) বিভাগলৈ পৃথক কৰা, আছাম ৰেজিমেন্টেল চেণ্টাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন আৰু পাটগাঁও সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁও হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনায়।

নিউজ ডেস্ক, ৫ অক্টোবৰ

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *