ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ, ধুবুৰীসহ নামনি অসমত সতৰ্কতা

ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ, ধুবুৰীসহ নামনি অসমত সতৰ্কতা

ভূটানত হিমবাহৰ পানীৰে সৃষ্টি হোৱা এটা হ্ৰদৰ পানী হঠাৎ ওলাই অহাৰ ফলত ভাৰতৰ নামনি অঞ্চলত বানৰ আশংকা সৃষ্টি হৈছে। বিশেষকৈ অসমৰ ধুবুৰী আৰু পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতা জাৰি কৰিছে কৰ্তৃপক্ষই। নৈপৰীয়া অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনোৱা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে ভূটানৰ মোচু উপ-অৱবাহিকাৰ শিণ্টাফু হ্ৰদৰ পৰা হঠাৎ বৃহৎ পৰিমাণৰ পানী ওলাই আহে। প্ৰাথমিক তথ্য অনুসৰি, হ্ৰদটোৰ পৰা প্ৰায় ৭৪ লাখ ঘনমিটাৰ পানী নিৰ্গত হৈছে। এই পৰ্যন্ত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও ভূটানত কমেও দুখন বেইলী দলং খহি পৰা বুলি জানিব পৰা গৈছে।

ভূটানৰ পৰা নামি অহা পানীৰ ধলে ভাৰত-ভূটান সীমান্ত পাৰ হৈ অসমৰ ধুবুৰী আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। সতৰ্কবাণী অনুসৰি, পুনাটছাংছু নদীৰ উজনি অংশত সৃষ্টি হোৱা বানৰ পানী ৬ৰ পৰা ৮ ঘণ্টাৰ ভিতৰত সীমান্তত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

পশ্চিমবংগৰ সোণকোষ নদীৰ নামনি অঞ্চলতো সতৰ্কতা জাৰি কৰা হৈছে। আলিপুৰদুৱাৰ আৰু কোচবিহাৰক সম্ভাৱ্য বানপ্ৰভাৱিত অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কোচবিহাৰৰ টুফানগঞ্জ আৰু বক্সিৰহাটত NDRF আৰু SDRFৰ দল মোতায়েন কৰা হৈছে।

উত্তৰ বংগৰ দাৰ্জিলিং পাহাৰ আৰু জলপাইগুৰিকে ধৰি আন কেইবাটাও অঞ্চলতো সতৰ্কতা জাৰি কৰা হৈছে। ভূটানৰ পৰা নামি অহা সোণকোষ নদীয়ে উত্তৰ বংগ আৰু অসমৰ একাংশ অঞ্চলৰ মাজেৰে বৈ যোৱাৰ বাবে দুয়োখন ৰাজ্যৰ নৈপৰীয়া অঞ্চলৰ পৰিস্থিতিৰ ওপৰত প্ৰশাসনে নজৰ ৰাখিছে।

ডিজিটেল ডেস্ক

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *