২০২৬ৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা তিনিজন বিজ্ঞানীলৈ

২০২৬ৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা তিনিজন বিজ্ঞানীলৈ

কাৰোলিন্সকা ইনষ্টিটিউটৰ নোবেল এছেম্বলীয়ে সোমবাৰে এই বঁটা ঘোষণা কৰে

২০২৬ বৰ্ষৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে কাৰ্ল ডেইছাৰথ, পিটাৰ হেগেমান আৰু জৰ্জ নাগেলে। ‘পোহৰৰ দ্বাৰা নিয়ন্ত্ৰিত আয়ন চেনেল আৰু অপ্ট’জেনেটিক্স’ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ বাবে তিনিওগৰাকী বিজ্ঞানীক যৌথভাৱে এই সন্মান প্ৰদান কৰা হৈছে।

কাৰোলিন্সকা ইনষ্টিটিউটৰ নোবেল এছেম্বলীয়ে সোমবাৰে এই বঁটা ঘোষণা কৰে।

পিটাৰ হেগেমান আৰু জৰ্জ নাগেলে ‘চেনেলৰ’ডপছিন’ নামৰ এক বিশেষ প্ৰ’টিন আৱিষ্কাৰ কৰিছিল। এই প্ৰ’টিন যিকোনো কোষত সংযোজন কৰাৰ পাছত সেই কোষ পোহৰৰ প্ৰতি সংবেদনশীল হৈ পৰে বুলি তেওঁলোকে প্ৰমাণ কৰে।

পৰৱৰ্তী সময়ত কাৰ্ল ডেইছাৰথে এই প্ৰ’টিনৰ জিন এন্দুৰৰ স্নায়ুকোষত সংযোজন কৰি নীলা পোহৰৰ সহায়ত স্নায়ু সংকেত সক্ৰিয় কৰিবলৈ সক্ষম হয়। পিছলৈ জীৱিত এন্দুৰৰ মগজুৰ স্নায়ুকোষতো পোহৰৰ জৰিয়তে এই নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰয়োগ কৰে।

পোহৰৰ সহায়ত স্নায়ু সংকেত নিয়ন্ত্ৰণৰ এই পদ্ধতিটোৱেই বৰ্তমান ‘অপ্ট’জেনেটিক্স’ নামেৰে পৰিচিত। চিকিৎসা আৰু স্নায়ুবিজ্ঞানৰ গৱেষণাত এই প্ৰযুক্তিয়ে বিশ্বজুৰি গুৰুত্ব লাভ কৰিছে।

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *